Show/Hide Keyboard Layout

বনৰীয়া আমি

- জ্যোতিপ্ৰসাদ আগৰৱালা

বনৰীয়া আমি বনৰ চৰাই

বনে বনে ফুৰোঁ অনাই বনাই

অনাই বনাই আমি, অনাই বনাই আমি

অনাই বনাই অ’ অনাই বনাই ।

 

উ-উ-উ-উ-উ-উ, উ-উ-উ ।

 

ভৈয়ামৰে মইনা তই পোহনীয়া পখী

বনৰীয়া মইনাৰে পতালিহি সখী

ঘৰৰ কথা আমি বনত পাতি

বনৰ কথা আমি ঘৰত পাতি

পৰ্ব্বতৰে বননিত ফুৰিম বগাই

অনাই বনাই অ’, অনাই বনাই ।।

Hits: 1797